Monday, August 8, 2011

শুকলতি (PATCHOULI)


ASSAMESE NAME : শুকলতি
ENGLISH NAME : PATCHOULI
SCIENTIFIC NAME : POGOSTEMON BENGHALENSIS

চমু পৰিচয় :
বহুৰ্বষ জীৱি গোন্ধযুক্ত এবিধ জোপোহা উদ্ভিদ | পাত বহল জবা ফুলৰ গছৰ পাতৰ দৰে, আগত শুং থাকে | শুকলতিৰ প্ৰায় পাত ১৫ ছে:মি: মান দীঘল আৰু ৮ ছে:মি: বহল হয় | ফুল বগা আৰু পাতল গুলপিয়া ৰঙৰ | কাণ্ডৰ পৰা ঠাল ঠেঙুলি ওলাই |

ঔষধিৰ গুন :
১. শুকলতিৰ পাত আঞ্জা বা পাতত দি খাব পাৰি | পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে |
২. শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী |
৩. কেচা নহৰুৰ সৈতে ইয়াৰ পাতৰ ৰস খালে গাঠিৰ বিষ, হাড় মজবুট, আৰু কোষ্ট কাঠিন্য নোহোৱা কৰে |
৪. প্ৰসৱৰ পাচত মাতৃয়ে শুকলতিৰ পাতৰ আঞ্জা বা পাতত দি খালে, দেহত শক্তি আৰু ঘা সোনকালে শুকুৱাই |

No comments:

Post a Comment