Monday, August 8, 2011

চেংমৰা (SPINY ARUM )


ASSAMESE NAME : চেংমৰা
ENGLISH NAME : SPINY ARUM
SCIENTIFIC NAME : LASIA SPINOSA
FAMILY : ARACEAE

পৰিচয় :
চেংমৰা বাৰীৰ ঢাপ বা পিটনি আদি ঠাইত হোৱা জোপোহা জাতীয় গছ | নদী কাষৰীয়া জেকা ঠাইত সাধাৰণতে বেচিকৈ দেখা পোৱা যায় | পাতৰ ঠাৰি যথেষ্ট দীঘল, ত্ৰিভূজকাৰ, গাত সৰু কাঁইট থকা কচুৰ দৰে এবিধ বনৰীয়া উদ্ভিদ | পাত কেইবা খণ্ডত বিভক্ত, পুষ্প মঞ্জৰী চুটি আৰু গোটা, পুংকেশৰ ৪-৬ ডাল, পুংদণ্ড চুটি |

ঔষধীয় গুণ :
১. চেংমৰাৰ কোমল পাতৰ ৰস খালে কেছুমূৰীয়া ৰোগ নাশ হোৱাত সহায়  হয় |
২. চেংমৰাৰ কুমলীয়া পাত আঞ্জা কৰি খালে দৃষ্টিশক্তি বৃদ্ধি, স্নায়ু সৱল হয় |
৩. ভেকুৰীৰ সৈতে চেংমৰাৰ কোমল পাত পাতত দি খালে ক্ৰিমি নাশ হয় |
৪. দেহত তেজৰ হিম’গ্লবিন তৈয়াৰ কৰাত চেংমৰাৰ কোমল পাতে যথেষ্ট সহায় কৰে |
৫.চেংমৰা পাতৰ ৰস নিয়মীয়া কৈ খাই থাকিলে অৰ্শ ৰোগৰ পৰা উপশম পাব পাৰি |
৬. পেটৰ ৰোগৰ কাৰণে চেংমৰা পাতৰ আঞ্জা উপকাৰী |

No comments:

Post a Comment